নগাঁওঃ অসমলৈ আকৌ এবাৰ গৌৰৱ কঢ়িয়াই অনাৰ সুবিধা লাভ কৰিছে এগৰাকী ছাত্ৰী সহ অসমৰ ৪ ছাত্ৰই৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুণৰবাৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ সুযোগ লাভ কৰিছে নগাঁও জিলাৰ চাৰিগৰাকী শিক্ষাৰ্থীয়ে৷
নগাঁও কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়ণৰত এই ছাত্ৰ-ছাত্ৰীকেইগৰাকী হৈছে অৰুণাভ বিকেল শইকীয়া, আৰ্দশ প্ৰদীপ গোস্বামী, সানিধ্য প্ৰতিম শৰ্মা আৰু অৰ্পিতা দাস ৷ ইয়াৰে আৰ্দশ প্ৰদীপ আৰু অৰ্পিতাই একাদশ শ্ৰেণীত পঢ়ি থকাৰ বিপৰীতে অৰুণাভ দশম আৰু সানিধ্য নৱম শ্ৰেণীৰ ছাত্ৰ৷