ডিজিটেল ডেস্কঃ অৱশেষত সাগৰৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱা পৱনহংসৰ হেলিকপ্তাৰৰ ৩ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়৷ বৰ্তমানেওঁ ৪গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই। হেলিকপ্তাৰৰ কেইবাটাও অংশ উদ্ধাৰ কৰাৰ লগতে তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়। শনিবাৰে পুৱাৰে পৰা অন্তৰ্ধান হৈ থকা হেলিকপ্তাৰখন উৰি গৈ থকা অৱস্থাত অাকাশত যান্ত্ৰিক বিজুটি ঘটি সাগৰত পৰাৰ সন্দেহ কৰা হৈছে।
ভগ্নাৱশেষ পবনহংস হেলিকপ্তাৰৰ হয় নে নহয় সেয়া অনুসন্ধান কৰা থকা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, শনিবাৰে পুৱাই মুম্বাইৰ আকাশৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈছিলএখন হেলিকপ্তাৰৰ৷ পৱনহংসৰ হেলিকপ্তাৰখনত ৫ জন যাত্ৰী আৰু ২জন পাইলট আছিল। প্ৰতিজন যাত্ৰীয়ে আছিল অএনজিচিৰ কৰ্মচাৰী।