নগৰবেৰাঃ উজনি-নামনি-বৰাক উপত্যকাৰ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-গঁড় হত্যা হৈ থকাৰ লগতে সেউজীয়া পাহাৰ, নৈৰ বালি কাটি আজিও ব্যৱসায় চলাই গৈছে একাংশ লোকে৷
ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোটৰ চৰকাৰে অবৈধ বালিৰ ব্যৱসায় তথা তথা বনজ সম্পদ ধ্বংস কৰিবলৈ হে ককালত টঙালি বান্ধিছে৷ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা মৌজাৰ নগৰবেৰাত নৈৰ বুকু খান্দি উদং কৰাৰ ঘটনাই ইয়াকে প্ৰমাণ কৰে৷ দীৰ্ঘ দিন ধৰি একাংশ লোকে দৌৰাত্ম্য অব্যাহত ৰাখিছে। নগৰবেৰৰ জলজলী নৈৰ বুকুত অবৈধ ভাৱে মুকলিকৈ বালি-ভূমি খনন কৰি ব্যৱসায় চলাই থকা দেখা গৈছে৷