ডিজিটেল ডেস্কঃ সংকট নিৰাময় কৰাৰ বাবে ৫ ন্যায়াধীশৰ সমিতিৰে নতুন বেঞ্চ গঠন কৰা হয় উচ্চতম ন্যায়ালয়ত৷ ৪ ন্যায়াধীশৰ বিদ্ৰোহ কাণ্ডৰ পিছতে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই ৫ জনীয়া ন্যায়াধীশৰ এটা সমিতিৰ এখন বেঞ্চ গঠন কৰে৷ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বত গঠন হোৱা সমিতিয়ে গুৰুত্বপূৰ্ণ গোচৰ সমূহৰ শুনানী গ্ৰহণ কৰিব৷
৪গৰাকী বিদ্ৰোহী ন্যায়াধীশক এৰি এই সমিতি গঠন কৰা হয়৷ বাৰ কাউন্সিলৰ চেয়াৰমেন মানন মিশ্ৰই সোমবাৰে ‘কাহানি খতম হ্যো গেয়া’ বুলি মন্তব্য প্ৰদান কৰে৷ ইয়াক আভ্যন্তৰীণ বিষয় বুলিও কয় কুমাৰে৷ আনহাতে মুখ্য ন্যায়াধীশক সমালোচনা কৰাৰ বাবে ৪ জ্যেষ্ঠা ন্যায়াধীশৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱা বুলি উল্লেখ কৰে কুমাৰে৷