ডিজিটলে ডেস্কঃ বহু বিতৰ্কিত হিন্দী বোলছবি পদ্মাৱত নিষিদ্ধ কৰিবলৈ গৈ মুখথেকেচা খালে বিজেপি শাসিত চাৰি ৰাজ্যই৷ হাৰিয়ানা, গুজৰাট, মধ্য প্ৰদেশ আৰু ৰাজস্থান ৰাজ্য চৰকাৰে পদ্মাৱত বোলছবি খন নিষিদ্ধ কৰিছিল৷ উচ্চতম ন্যায়ালয়ে চাৰি ৰাজ্যৰ পৰা চৰকাৰৰ এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়ে৷ দেশৰ শীৰ্ষ আদালতে কয় য়ে, কোনো ৰাজ্যই বোলছবি নিষিদ্ধ কৰিব নোৱাৰে বুলি মন্তব্য দিয়ে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এ এম খানউলকাৰ আৰু ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূৰৰ বেঞ্চে৷
সংবিধানৰ ১৯ নং দফা অনুসৰি চিনেমা হ’ল, ছবি নিৰ্মাতাৰ বাক স্বাধীনতাৰ অংগ বুলি দোহাৰে শীৰ্ষ আদালতে৷ যাৰ বাবে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ পিটিচনৰ আৱেদন গ্ৰহণ কৰি ঐতিহাসিক ৰায় প্ৰদান কৰি চাৰি ৰাজ্যৰ পৰা পদ্মাৱতৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে শীৰ্ষ আদালতে৷ বোলছবি নিষিদ্ধ কৰাৰ ৰাজ্যৰ এক্তিয়াৰ আছে নে নাই ইয়াকে লৈ উচ্চতম ন্যায়ালয়ত প্ৰশ্ন উত্থাপন কৰিছিল পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে৷ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এখন নিৰ্দেশনাৰ কথা উল্লেখ কৰি এই প্ৰশ্ন উত্থাপন কৰিছিল পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে৷