গুৱাহাটীঃ ৰাজ্য চৰকাৰে ইতিহাস সৃষ্টি কৰিব খুজি বিশ্বৰ বিভিন্ন দেশৰ বিনিয়োগকাৰীক ৰাজ্যখনৰ ৰাজধানী গুৱাহাটী মহানগৰীত একত্ৰিত কৰি অসমৰ বাণিজ্যিক পৰিস্থিতিৰ সৈতে মুখামুখি কৰাৰ চেষ্টা চলাই৷
বহুপ্ৰত্যাশিত এডভাণ্টেজ আচাম শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলন উদ্বোধন কৰা নৰেন্দ্ৰ মোডীয়ে অসমৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ স্থানীয় বিনিয়োগকাৰীসকলক নিৰাশ কৰাৰ অভিযোগ উত্থাপন হয়। কিছুসংখ্যক ব্যৱসায় বিশেষজ্ঞ আৰু স্থানীয় বিনিয়োগকাৰীয়ে মোডীৰ পৰা স্থানীয় বিনিয়োগকাৰীৰ বাবে নতুন ঔদ্যোগিক নীতি ঘোষণা কৰিব বুলি আশা কৰিছিল যদিও সেই লৈ সম্পূৰ্ণ নিৰাশ হয়।