ডিজিটেল ডেস্কঃ পাকিস্তানৰ সামৰিক আদালতত ২০১৭ বৰ্ষৰ এপ্ৰিল মাহত ‘গুপ্তচৰ’ হোৱাৰ অপৰাধৰ বাবে মৃত্যুদণ্ডৰে দণ্ডিত ভাৰতীয় নৌসেনা বাহিনীৰ বিষয়া কুলভূষণ যাদৱ সংক্ৰান্ত অনুসন্ধানত ভাৰতে সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে।
পাক আদালতে যাদৱৰ পাৰপত্ৰ আৰু তেওঁৰ চাকৰি সংক্ৰান্ত সবিশেষ বিচাৰি ভাৰত চৰকাৰক অনুৰোধ জনাইছিল। যাদৱৰ ভাৰতীয় নৌসেনাৰ পৰা অৱসৰৰ নথি-পত্ৰৰ লগতে তেওঁ কেনেদৰে হুছেইন মুবাৰক পেটেলৰ পাৰপত্ৰ কেনেকৈ পালে সেই সকলো বিৱৰণি পাক চৰকাৰে বিচাৰিছিল যদিও ভাৰতে সেই সংক্ৰান্তত যোগাযোগ নকৰিলে বুলি শুকুৰবাৰে অভিযোগ উত্থাপন কৰি চুবুৰীয়া ৰাষ্ট্ৰখনে কয় যে এয়া অতি দুখৰ বিষয়।