ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা জম্মু কাশ্মীৰত সেনাৰ চুঞ্জৱানন সেনাৰ শিবিৰত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণ কৰে৷ সেনাৰ শিবিৰৰ পিছফালেৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰে চুঞ্চৱান সেনাৰ শিবিৰত৷ সন্ত্ৰাসবাদী আফজল গুৰুৰ বৰ্ষপূৰ্তি অহাৰ সময়তে চোৰাংচোৱাই এনে ঘটনা সংঘটিত হ’ব পাৰে আশংকা কৰিছিল৷ ২০১৩ চনত ন্যায়ালয়ে ফাচি দিছিল সন্ত্ৰাবাদী আফজাল গুৰুক৷ তিনিগৰাকী সন্ত্ৰাসবাদীয়ে আবাসীক এলেকাত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে৷
কোনো উগ্ৰপন্থীয়ে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও জইচ-ই-মহম্মদে এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে৷ পুৱা ৪.৫৫ বজাত প্ৰৱেশ কৰি চেন্ট্ৰীক লক্ষ্য কৰি গুলীচলনা কৰে৷ তাৰ পিছতেই ভিতৰত প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে যদিও কিছু সময় পিছতেই অভিযান আৰম্ভ হয় আৰু এটি কোৱাৰ্টাৰত বন্দী কৰে সন্ত্ৰাসবাদীক৷