ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা জম্মু কাশ্মীৰত সেনাৰ চুঞ্জৱান সেনাৰ শিবিৰত উগ্ৰপন্থীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰাৰ পিছতেই পাকিস্তানক অন্তিমবাৰৰ বাবে সকীয়াই দি পাকিস্তানৰ বিৰুদ্ধে ক্ষোভ জাহিৰ কৰে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলাই৷ শুকুৰবাৰে নিশা সেনাৰ শিবিৰৰ পিছফালেৰে সন্ত্ৰাসবাদী প্ৰৱেশ কৰে চুঞ্চৱান সেনাৰ শিবিৰত আক্ৰমণ কাণ্ড সংঘটিত কৰাৰ পিছতেই নিজৰ মত প্ৰকাশ কৰে জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে৷
প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই কয় ‘‘এনে কোনো এটা দিন নাযায় যিটো দিনত পাকিস্তানী উগ্ৰপন্থীয়ে কাশ্মীৰত আক্ৰমণ নকৰাকৈয়ে থাকে৷ এনে ঘটনা সংঘটিত হোৱাৰ পিছত গম পোৱা য়াই যে এনে ঘটনাৰ সৈতে পাকিস্তানৰ উগ্ৰপন্থী জৰিত থাকে৷ পাকিস্তানে যদি ভাৰতৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব বিচাৰে তেন্তে উগ্ৰপন্থীৰ আক্ৰমণ বন্ধ কৰক নহলে ভয়াবহ পৰিণাম ভূগিব লাগিব৷ মই দূখেৰে কৈছো যে পাকিস্তানে যদি এই কাণ্ড বন্ধ নকৰে ভাৰত যুদ্ধৰ বাবে সাজু হ’ব লাগিব৷’’