41
ডিজিটেল ডেস্কঃ বিহাৰ তথা দেশৰ আটাইতকৈ চৰ্চিত বৰ্ষীয়ান ৰাজনৈতিক নেতা আৰ জে ডি দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ লালু প্ৰসাদ যাদৱে আৰম্ভ কৰিছে নতুন খেল৷ নীতিশ-মোডীৰ শাসনকাৰ্যত হোৱা অন্যায়ৰ প্ৰতিশোধ ল’বলৈ আৰম্ভ কৰিছে এই নতুন খেল৷
এই খেলৰ বাবে লালুৱে সহযোগী হিচাপে ল’ব বিচাৰিছে জনতা দল ইউনাইটেডৰ (JDU) জ্যেষ্ঠ নেতা শৰদ যাদৱক৷ এই সংক্ৰান্তত ইতিমধ্যে লালুৱে তিনিটা টুইটেৰে বিজেপিৰ বিৰুদ্ধে খেলিবলগীয়া খেলখনৰ বিষয়ে শৰদ যাদৱক অৱগত কৰিছে ৷