লিডুঃ বিশ্বৰ সবাতোকৈ জনপ্ৰিয় হৈ পৰে ছ’চিয়েল নেটৱকিং ছাইট। কি ডেকা, কি বুঢ়া সকলোৱে এতিয়া ফেচবুক-টুইটাৰক লৈ৷ ফেচবুক, টুইটাৰৰ সৈতে ফেৰ মাৰিবলৈ সাজু হৈছে এগৰাকী অসমৰ যুৱকে৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৰগোলাইৰ যুগান্তকাৰী পদক্ষেপেৰে উজলি উঠিবলৈ সক্ষম হৈছে যুৱকগৰাকীয়ে৷
মাৰ্ঘেৰিটা মহকুমাৰ বৰগোলাইস্থিত এলেকাৰ ৱাজুদ্দিন আহমেদ ওৰফে মন অছম নামৰ বিশেষ প্ৰতিভাসম্পন্ন এজন যুৱকে এক ব্যতিক্ৰমি প্ৰচেষ্টাৰে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দিশত এখোজ আগুৱাই গৈ ছ’চিয়েল নেটৱকিং ছাইটত সফলতা লাভ কৰিছে৷ ছ’চিয়েল নেটৱকিং ছাইট সজাই তুলিছে৷ নাম ৰখিছে স্মাৰ্টএজাৰ্চ৷ সৰুৰে পৰা কিবা এটা কৰাৰ দুৰ্বাৰ হেপাহ মনত পুহি ৰখা এইজন যুৱকে লিডু মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে ছ’চিয়েল নেটৱকিং ছাইটো মুকলি কৰে৷