ডিজিটেল ডেস্কঃ ‘ভাৰতীয় সেনাৰ দৰেই অনুশাসনত চলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেৱকসকল। কিন্তু সীমান্তত যুঁজ দিবৰ বাবে কঁকালত টঙালি বান্ধি ওলাবলৈ তিনিদিন লাগে সংঘৰ সেৱকক।’ এই ভাষ্য সংঘৰ অধ্যক্ষ মোহন ভাগৱতৰ। ইমানখিনিলৈকে ঠিকেই আছিল, কিন্তু বৰ্ষীয়ান সেৱকজনে ভাৰতীয় সেনাবাহিনীৰ দক্ষতাক লৈ কৰা এক মন্তব্যই আউল লগালে। সংঘৰ সেৱকক যুদ্ধৰ বাবে সাজু হ’বলৈ ৩ দিন লাগে ঠিকেই, কিন্তু ভাৰতীয়া সেনাক হেনো লাগিব পাৰে ৬ মাহ পৰ্যন্ত।
বিহাৰৰ মুজফ্ফৰনগৰত দেওবাৰে দিয়া এক ভাষণত সেনাৰ দক্ষতাক লৈ আওপকীয়াকৈ কৰা কটাক্ষৰ পিছতে ফেচবুক, টুইটাৰকে ধৰি বিভিন্ন ছচিয়েল মিডিয়াত মোহন ভাগৱতক জবাবদিহি হ’বলৈ দি কৰা টুইট-পোষ্টৰ জোঁৱাৰ উঠিছে। টুইটাৰ-ফেচবুকত ট্ৰেণ্ডিঙত থকা #ApologiseRSS শীৰ্ষক এই অভিযানৰ পিছতেই সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ে বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ জাৰি কৰিছে।