Home ৰাজ্যগোৰেশ্বৰতো পৃথক বড়োলেণ্ডৰ দাবীত সৰৱ এবছু, জোঁৰ লৈ শতাধিকৰ মিছিল

গোৰেশ্বৰতো পৃথক বড়োলেণ্ডৰ দাবীত সৰৱ এবছু, জোঁৰ লৈ শতাধিকৰ মিছিল

by News Desk
54 views
A+A-
Reset

গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আজি সন্ধিয়া সাত বজাত নিখিল বড়ো ছাত্ৰ সন্থাৰ গোৰেশ্বৰ আঞ্চলিকৰ উদ্যোগত এক জোঁৰ সমদল উলিওৱা হয়। পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত উলিওৱা এই সমদলত সমদলকাৰীয়ে ‘আমাক বড়োলেণ্ড লাগিবই’, ‘ন’ বড়োলেণ্ড ন’ ৰেষ্ট’ আদি শ্লোগান দিয়ে। 

ইফালে বড়ো জনগোষ্টীৰ দীৰ্ঘদিনীয়া সমস্যা পৃথক বড়োলেণ্ড ৰাজ্য গঠন অাৰু বিটিএডিৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ নিৰাপত্তা আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু , এনডিএফবি (প্ৰ) অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত ১০ মাৰ্চৰপৰা কোকৰাঝাৰত আৰম্ভ হোৱা অামৰণ গণ অনশনৰ আজি চতু্ৰ্থ দিনত প্ৰৱেশ কৰিছে। তৎস্বত্বেও চৰকাৰে ভ্ৰুক্ষেপ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে বিটিএডিৰ দল-সংগঠনসমূহ। তাৰেই ক্ষোভ উজাৰি আজি জোঁৰ সমদল উলিয়াই চৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰে সমদলকাৰীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0