গুৱাহাটীঃ বহু জল্পনা-কল্পনাৰ শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া ৰাজ্যত বুধবাৰৰ পৰা আৰম্ভ হয়৷ টেট শিক্ষকৰ বদলিৰ প্ৰক্ৰিয়া ৰাজ্যৰ সৰ্ববৃহৎ বদলি প্ৰক্ৰিয়া হিচাপে পৰিগণিত হ’ব৷ এই প্ৰক্ৰিয়াত ১০,৭৯৪ গৰাকীয়ে শিক্ষকে আৱেদন কৰিছিল।
সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিন্দী আৰু আৰবী শিক্ষকৰ পদ পুৰণ নকৰাৰ কথাও ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে মিউচুৱেল ট্ৰান্সফাৰৰ ভিত্তিত হোৱা এই সিদ্ধান্ত ৰাজ্য চৰকাৰে ২২ জানুৱাৰীত গ্ৰহণ কৰিছিল।