ডিজিটেল ডেস্কঃ এই খন দেশতে খাদ্য সামগ্ৰী নষ্ট কৰি পেলাই দিয়া মানুহ বহু আছে৷ প্ৰতিপত্তিশীল লোকসকলে বৰ বৰ পাৰ্টিৰ আয়োজন কৰি লাখ লাখ টকা খৰচ কৰে যদিও বহু সময়ত খাদ্য-সামগ্ৰী নষ্ট কৰি পেলাই দিয়া দেখা যায়৷ একাংশ উচ্চ শ্ৰেণীৰ লোকৰ এয়া যেন এক ফেশ্যন ৷ কিন্তু তাৰ বিপৰীতে সমাজৰ এটা শ্ৰেণীয়ে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ পেটৰ ভোক নিবাৰণৰ বাবে ইফাল সিফাল ঘুৰি ফুৰে৷ দেশৰ শ্ৰমিক, খাটিখোৱা, দৰিদ্ৰ লোকে অৰ্থৰ অভাৱত দুবেলা দুমুঠি অন্নৰ বাবে আনৰ ওচৰত হাত পাতিব লগা হয়৷
বহু বয়োজ্যেষ্ঠ-শিশু-কিশোৰে আজিও ৰাজ পথত, ছিগনেলত ভিক্ষা মাগি পৰিয়াল পোহপাল দিয়ে৷ দুই এগৰাকী লোকে এনে শিশুক দয়া কৰি দুই-এটকা হাতত গুজি থৈ যায়৷ কৰ্ম ব্যস্ততাৰ বাবে দুই-এটকা হাতত গুজি দিয়াৰ বাহিৰে আন কথা চিন্তা কৰিবলৈ আওকাণ কৰা দেখা নাযায়৷ ভাৰতৰ দৰে দেশত এনে সমস্যা ভয়াবহ সমস্যা ৰূপে পৰিগণিত হৈছে৷ দেশৰ দৰিদ্ৰ পৰিয়ালে ভিক্ষা মাগি পৰিয়াল পোহপাল দিয়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য পুষ্টিহীনতাত পৰা দেখা যায়৷ পুষ্টিহীন খাদ্য-সামগ্ৰী খাবলৈ নোপোৱাৰ ফলত একাংশ শিশু দুৰ্বল হৈ পৰে৷ ভোকৰ তাড়নাত চটফটাই থকা শিশুসকলৰ অৱস্থা দিনক দিনে শোচনীয় হৈ পৰে৷ দেশৰ বিভিন্ন ঠাইত বৃদ্ধি পাই আহিছে পুষ্টিহীন শিশু৷