ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজকীয় সন্মানেৰে বিশিষ্ট অভিনেত্ৰী শ্ৰীদেৱীৰ অন্তিম সৎকাৰ কৰা হয়। ৫৪ বছৰ বয়সত ডুবাইত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যুৰ পিছতেই একাংশ সংবাদ মাধ্যমত ৰৌজাল-বৌজাল কৰা পৰিলক্ষিত হৈছিল৷
যাৰ ফলত একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত একাংশ লোকে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে৷ বলিউডৰ প্ৰথমগৰাকী চুপাৰষ্টাৰ আখ্যা পোৱা শ্ৰীদেৱীয়ে সকলোকে কন্দুৱাই চিৰ বিদায় লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰিচালক-প্ৰযোজক স্বামী বনী কাপুৰে। টুইট কৰি বনীয়ে কয় ‘‘মোৰ এজন বন্ধু, সহধৰ্মীনি আৰু দুজনী গাভৰু ছোৱালীৰ মাকক হেৰুওৱাৰ বেদনা শব্দৰ মাজেৰে প্ৰকাশ কৰাটো অসম্ভৱ।