কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পত নেচনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু সাহিত্য অকাডেমীৰ সহযোগত তথা বড়ো লেখক সন্থা আৰু বিটিচি কৰ্তৃপক্ষৰ উদ্যোগত অহা ১০-২০ মাৰ্চলৈ ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ আৰু বড়োলেণ্ড গ্ৰন্থ মেলা অনুষ্ঠিত হ’ব।
বড়ো লেখক সন্থাৰ সাধাৰণ সম্পাদক ৰনেন কুমাৰ মোছাহাৰীয়ে দেওবাৰে কোকৰাঝাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে৷ ৰাষ্ট্ৰীয় জনজাতীয় গ্ৰন্থ উৎসৱ আৰু বড়োলেণ্ড গ্ৰন্থ মেলাৰ সামন্তৰালভাৱে বিশেষ সাহিত্য উৎসৱ, সদৌ ভাৰত বহু ভাষিক কবিতা অাবৃতি, যুৱ বড়ো লিখক উৎসৱ, বড়ো ভাষা শিক্ষা-শিকন প্ৰশিক্ষণ শিবিৰ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা অনুষ্ঠিত হ’ব বুলি সদৰি কৰে বড়ো লেখক সন্থাৰ সাধাৰণ সম্পাদক ৰনেন কুমাৰ মোছাহাৰীয়ে।