গোৱালপাৰাঃ মন্ত্ৰীৰ-আমোলা-বিধায়কৰ কনভয় আৰু ভাৰত বৰ্ষ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ভিআইপি সংস্কৃতিৰ বাবে বিখ্যাত আমাৰ দেশ ভাৰত। তাৰ মাজতে ৰাজ্যৰ বিধায়ক এগৰাকীৰ কনভয়ে কাঢ়ি নিলে যুৱকৰ প্ৰাণ। জানিব পৰা মতে বাঘেশ্বৰীত সংঘটিত হয় ভয়াবহ পথ দূৰ্ঘটনা৷
দূৰ্ঘটনাটোত বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ কনভয়ৰ খুন্দাত এজন যুৱক থিতাতে নিহত হয়৷ নিহত যুৱকজনৰ নাম ছাবেৰ আলী বুলি জানিব পৰা গৈছে। বিধায়ক মণ্ডলে গুৱাহাটীৰ পৰা গোৱালপাৰাৰ নিজৰ বাসগৃহলৈ গৈ থাকোঁতে এই ঘটনা সংঘটিত হয়।