খেৰণিঃ দেশৰ কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য, বেংকৰ ঋণ ৰেহাই বিচাৰি প্ৰতিবাদ অব্যাহত ৰাখিছে৷ নিজৰ প্ৰস্ৰাৱ পান কৰি, এন্দুৰ ভক্ষণ কৰি, মামনিহৰ লাও খোলা লৈ পথত উৎপাদিত সামগ্ৰী দ’মাই প্ৰতিবাদ কৰি আহিছে৷ কেইবা খনো ৰাজ্যত কৃষকে প্ৰতিবাদ কৰিবলৈ ওলাই আহি আৰক্ষীৰ গুলী বুকু পাতি লব লগা হৈছে৷ কিন্তু চৰকাৰ নাচোৰ বান্দা৷
কৃষকে আজিও উৎপাদিত সামগ্ৰীৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ দেহৰ ঘাম মাটিত পেলাই ৰ’দ বৰষুণ কাটি কৰি কৃষকে উৎপাদন কৰা ফচলৰ উচিত মূল্য নোপোৱাত আজিও ক্ষোভিত দেশ তথা আমাৰ ৰাজ্যৰ কৃষক৷