104
ধিংঃ দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমৰ দৌৰৰ ৰাণী হিমা দাসে৷ সমগ্ৰ দেশৰে গৌৰৱ হৈ পৰিছে হিমা৷ বিশেষকৈ সুদীৰ্ঘ ৩০ বছৰৰ মূৰকত ৰাজ্যৰ এগৰাকী খেলুৱৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এথলেটিকছত জিলিকি উঠিছে৷ এয়া অসমৰ বাবে গৌৰৱৰ বতৰা৷ নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস৷ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা।
