গুৱাহাটীঃ টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ মতে, প্ৰধানমন্ত্ৰীক ‘ছাৰ’ নতুবা ‘সন্মানীয়’ শব্দৰে সম্বোধন নকৰাৰ বাবে শাস্তিৰ সন্মুখীন হ’ল এগৰাকী বিএছএফ জোৱান৷ প্ৰধানমন্ত্ৰীৰ প্ৰতি অশ্ৰদ্ধা বলি গণ্য কৰি শাস্তি প্ৰদান কৰা হৈছে জোৱান জনক৷
জোৱান জনৰ ৭ দিনৰ দৰমহা কৰ্তন কৰা হৈছে৷ ২১ ফেব্ৰুৱাৰীত পশ্চিম বংগৰ নদিয়াৰ মাহাতপুৰত বিএছএফৰ ১৫নং বেটেলিয়ানৰ সদৰ দপ্তৰত সংঘটিত হৈছে এই ঘটনা৷ নিয়মিয়া পেৰেডত দিনটোৰ কাৰ্যসূচীৰ ৰিপৰ্ট দিয়াৰ সময়ত ‘মোডীৰ প্ৰগেম’ বুলি কয়৷