মুম্বাইঃ মুক্তি পালে “বাহুবলী ২“ৰ ট্ৰেইলাৰ৷ মুক্তিৰ কেইঘন্টামান পিছতেই চলচিত্ৰখনৰ ট্ৰেইলাৰে ইউটিউবত সকলোতকৈ বেছি ট্ৰেণ্ডিঙত থকা বিষয়ত অন্তৰ্ভুক্ত হৈছে৷ ইতিমধ্যে ৩ লাখ ৫০ হাজাৰ লোকে চাইছে ট্ৰেইলৰটো৷ ২ বছৰৰ পিছত ২৮ এপ্ৰিলত মুক্তি পাব বাহুবলী ২৷
২০১৫ৰ ব্লকবাষ্টাৰ চলচিত্ৰখনে কেৱল দাক্ষিণাত্যতে নহয় সমগ্ৰ দেশতে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল বাহুবলীয়ে৷ তেলেগু চলচিত্ৰ নিৰ্দেশক এছ এছ ৰাজমৌলীয়ে চলচিত্ৰখন পৰিচালনা কৰিছে৷ চলচিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা প্ৰভাসে৷