গুৱাহাটীঃ সততে ৰাজ্যৰ সাংবাদিকসকলৰ সমস্যাৰ হৈ মাত মাতি অহা সাংবাদিক সংগঠন সাংবাদিক সুৰক্ষা সঞ্চ, অসমে বৃহস্পতিবাৰে ৰাজ্যৰ ৫গৰাকী মহিলা সাংবাদিকক সম্বৰ্ধনা যাচে৷ গুৱাহাটী মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত বিশ্ব নাৰী দিৱস উপলক্ষে অনুষ্ঠিত কৰা বিশেষ অনুষ্ঠানত ৰাজ্যৰ ৫গৰাকী মহিলা সাংবাদিকক বিশেষ ভাৱে সন্মান যাচে৷
দৈনিক অগ্ৰদূত কাকতৰ কোকৰাঝাৰৰ সাংবাদিক মনালিছা শৰ্মা, ইউ এ টিভিৰ ডিব্ৰুগড়ৰ সাংবাদিক পৰিণীতা বৰুৱা, প্ৰাগ নিউজৰ সাংবাদিক ববিতা গগৈ, দৈনিক জনমভূমি কাকতৰ গোলাঘাটৰ সাংবাদিক ববিতা বৰা আৰু দৈনিক গণ অধিকাৰ কাকতৰ মুকালমুৱাৰ সাংবাদিক সংগীতা মেধিক ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, এপাহ ফুল, ফুলাম জাপি আৰু সাংবাদিক সুৰক্ষা সঞ্চৰ মুখপত্ৰ স্বাধীন কন্ঠৰে সম্বৰ্ধনা জনায়।