শিৱসাগৰঃ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ ৯ খন লাভজনক তৈলক্ষেত্র ব্যক্তিগত খণ্ডৰ কোম্পানীক গতাই দিয়াৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত “গণ প্ৰতিবাদ” কাৰ্যসূচী ৰূপায়ণ কৰে।
লগতে মুখ্যমন্ত্ৰীলৈ ৭ টা দাবীৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। তেওঁলোকে উল্লেখ কৰে যে শিৱসাগৰ জিলা আৰু সদ্যঘোষিত চৰাইদেউ জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যুগ যুগ ধৰি বসবাস কৰি অহা থলুৱা লোকসকলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত মাটিৰ ম্যাদি পট্টাৰ বাবে কৰাৰ পিছতো বৃটিছ চৰকাৰে ১৮৮৬ চনত প্ৰৱৰ্তন কৰা The Assam Land And Revenue Regulation অনুসৰি মুষ্টিমেয় কিছুলোকে মাটিৰ ম্যাদি পট্টা লাভ কৰিছে যদিও আশী শতাংশ থলুৱা মানুহে আজিও মাটিৰ ম্যাদি পট্টা লাভ কৰা নাই।