গুৱাহাটীঃ ‘এয়াৰচেল-কথা দিলো’। আপ্ত বাক্যশাৰীৰে দেশৰ কোটি কোটি গ্ৰাহকক মোহিত কৰা এয়াৰচেলৰ নেটৱৰ্ক অতীত হ’ল৷ নেটৱৰ্ক অতীত হোৱাৰ সমানে সমানে দেউলীয়া হ’ল দেশৰ অজস্ৰ ব্যৱসায়ী৷ কোম্পানীটো বন্ধ হোৱাত কৰ্মচাৰীসমূহ নিবনুৱা হৈ পৰাৰ লগে লগে ডিষ্ট্ৰিবিউটৰ, খুচুৰা বিক্ৰী কৰি পেট প্ৰৱৰ্তন কৰা লোকসকলে একপ্ৰকাৰ দেউলীয়া হৈ পৰে৷
এক কথাত দেশত উদ্যমীতাৰ সপোন দেখা শ শ লোকৰ সপোন ভাঙি চুৰমাৰ কৰিলে এই ‘কথা’ দিয়া এয়াৰচেলে। উন্নত সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি ৰিলায়েন্সৰ দৰেই গ্ৰাহকক হাৰাশাস্তি কৰি সেৱা বন্ধ কৰিলে কোম্পানীটোৱে৷ বৰ বৰ তাৰকাৰ জৰিয়তে বিজ্ঞাপন প্ৰচাৰ কৰা এয়াৰচেল নামৰ বহুজাতিক কোম্পানীটোৱে ইতিমধ্য সেৱা বন্ধ কৰিছে সমগ্ৰ দেশত৷