ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত বিজেপিৰ নৱ-নিযুক্ত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে অতিশীঘ্ৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব বুলি জানিব পৰা গৈছে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ত্ৰিপুৰাক আৰ্থিক সংকটৰ পৰা মুক্ত কৰিবলৈ বিশেষ পেকেজ দিয়াৰ দাবী লৈ মোডীক সাক্ষাৎ কৰিব৷
পৰিৱহণ মন্ত্ৰী প্ৰাণজিৎ সিংঘা ৰায়ে জানিবলৈ দিয়া মতে, বিপ্লৱ কুমাৰ দেৱে একেই উদ্দেশ্য লৈ বিত্ত মন্ত্ৰী অৰুণ জেটলীকো সাক্ষাৎ কৰিব৷ তেওঁ কয়, ৰাজ্যখনৰ বিত্তীয় অৱস্থাৰ স্থিতিৰ সম্পৰ্কে বৈঠক অনুষ্ঠিত কৰি মন্ত্ৰী পৰিষদে সমীক্ষা চলাইছিল৷ জানিব পৰা মতে, ত্ৰিপুৰা চৰকাৰ বৰ্তমান গভীৰ আৰ্থিক সংকটত ডুবি আছে৷
উল্লেখ্য যে,চলিত বিত্তীয় বৰ্ষত ৰাজ্যখনৰ ঘাটি বাজেট হৈছে ১,৫৮৮.১৯ কোটি টকা৷ এই সংকটৰ পৰা মুক্ত হ’বৰ বাবে বিত্ত মন্ত্ৰণালয়ৰ অধিকাৰীয়ে আগন্তুক তিনি দিনৰ ভিতৰত ৰাজ্যৰ বিত্তীয় স্থিতিৰ ওপৰত ৰিপৰ্ট জমা দিবলৈ কয়৷ লগতে ৰিপৰ্ট সমূহ জমা দিয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ ৰাওনা হ’ব বুলি জানিবলৈ দিয়ে ৰায়ে৷