নগাঁওঃ নগাঁও কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত নগাঁও জিলা পুথিভড়ালত জিলাখনৰ বিভিন্ন প্রান্তৰ প্রায় সাত শতাধিক কৃষকৰ উপস্থিতিত কৃষক সমাৰোহ অনুষ্ঠিত হয়। ৰাজধানী দিল্লীত অনুষ্ঠিত কৃষি বিজ্ঞান কেন্দ্র সমাৰোহৰ সৈতে সংগতি ৰাখি দেশৰ প্রতিখন জিলাতে তদ্ৰুপ কৃষক সমাবেশ অনুষ্ঠিত হয়।
নগাঁৱতো অনুষ্ঠিত হোৱা সমাৰোহত চিলঙণী আঞ্চলিক কৃষি গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী ড০ প্রদীপ কুমাৰ দাসে কৃষক উদ্দেশ্যে চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আঁচনিৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাত ৱাৰ্ড কমিচনাৰ বিভাৰানী শইকীয়া আৰু প্রশান্তি গোস্বামীয়েও বক্তব্য আগবঢ়ায়।