ডিজিটেল ডেস্কঃ সাম্প্ৰতিক প্ৰেক্ষাপটত ইংৰাজী ভাষাই হৈছে বিশ্বৰ ক্ষুদ্ৰ ভাষা সমূহৰ বাবে ঘাটকস্বৰূপ৷ যাৰ আগ্ৰাসনত দেশৰ ক্ষুদ্ৰভাষাসমূহ বিপদাপন্ন হৈ পৰিছে৷ অসমীয়া ভাষাটোও বৰ্তমান সংকটাপন্ন অৱস্থাত৷ বিশেষকৈ অসমীয়া ভাষালৈ দুৰ্যোগ কঢ়িয়াই আনিছে ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহে৷ বৰ্তমান ইংৰাজী ভাষাৰ শিক্ষাইহে ছাত্ৰ-ছাত্ৰীক ভৱিষ্যতে স্বাৱলম্বী হোৱাত সহায় কৰে৷
তেনে এক ভাৱধাৰাৰ ফলতেই বহুতে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাৰ বিলুপ্তি ঘটিছে৷ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰাৰ ফলত বহু সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া ভাষাৰ চৰ্চ্চাৰ অভাৱে দেখা দিছে, যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষা এলাগী হৈ পৰিছে৷ বিদ্যালয়ৰ পৰা ঘৰুৱা পৰিৱেশলৈকে সকলোতে ইংৰাজী ভাষাৰ ব্যৱহাৰ অসমীয়া ভাষাৰ অস্তিত্ব সংকটৰ আন এক কাৰণ বুলিব পাৰি৷