ডিজিটেল ডেস্কঃ ১২ বছৰীয়া নিজ কন্যাক ধৰ্ষণ কৰাৰ অভিযোগত পিতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ বিগত দুটা বছৰে নিজ কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অন্তত এই ঘটনা পোহৰলৈ আহে৷ পঞ্চম শ্ৰেণীত অধ্যয়ণৰত নিজ কন্যাক পিতৃয়ে কৰা যৌন নিৰ্যাতন চলাই হাৰিয়ানাৰ পঞ্চকুলাৰ ইন্দিৰা কলনিত৷
জানিব পৰা মতে, শনিবাৰে ইন্দিৰা কলনিৰ ছেক্টৰ-১৬ৰ পেচাত ৰাজমিস্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হয়৷ মাতৃয়ে এই কথা অৱগত হোৱাৰ পিছতো স্বামীৰ ভয়ত মুখ খুলিব পৰা নাছিল৷ hindustantimes.com প্ৰকাশিত খবৰ মতে, শনিবাৰে পঞ্চম শ্ৰেণীত অধ্যয়ণৰত কন্যাগৰাকীয়ে বিদ্যালয়ত কান্দিবলৈ ধৰে৷