ডিজিটেল ডেস্কঃ মূৰ্তি ভাঙি শক্তি জাহিৰ কৰাৰ প্রক্রিয়া এতিয়াও অব্যাহত। শেহতীয়াকৈ তামিলনাডুৰ পুডুকটায়াত পেৰিয়াৰ বুলি জনপ্ৰিয় ই.ভি. ৰামস্বামী মূৰ্তি ভঙা ঘটনাটোৱে ইয়াকেই প্ৰতিপন্ন কৰিলে। তামিলসকলৰ আত্মসন্মান আৰু স্বকীয়তাৰ হকে যুঁজ দিয়া ই.ভি. ৰামস্বামীৰ মুৰ্তি ভঙাৰ এনে গৰ্হিত কাম কোনে ঘটনাটি সংঘটিত কৰিছে এতিয়ালৈ জানিব পৰা হোৱা নাই। আৰক্ষী ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
বিভিন্ন ঠাইত হৈ থকা হিংসাত্মক পৰিস্থিতিৰ ফলত ঘটনা সংগঠিত হোৱা এলেকাটোত পৰিস্থিতি অৱনতি হোৱাৰ সম্ভাৱনা দেখি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ উল্লেখযোগ্য যে, পেৰিয়াৰৰ আগত ত্ৰিপুৰাত লেনিনৰ, কলকাতাত গান্ধীৰ, উত্তৰ প্ৰদেশত আম্বেদকাৰৰ লগতে দেশৰ বিভিন্ন স্থানত মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হৈছে।