ডিজিটেল ডেস্কঃ দেশৰ ভিন্ন ক্ষেত্ৰত প্ৰত্যেক বছৰেই বৃহৎ সংখ্যক ৰূপত প্ৰতিভাৰ বিকাশ ঘটি আহিছে৷ ইয়াৰে কিছুসংখ্যকে বিশ্ববাসীক চমকিত কৰি তুলিবলৈও সক্ষম হৈছে৷ এই প্ৰতিভাধৰসকলৰ মাজৰে কেইজনমান বছা বছা লোকক যদি শুদ্ধৰূপত তথা নৱোন্মেষ ঘটোৱাৰ দায়িত্ব অৰ্পণ কৰা হয়, তেতিয়া নিশ্চয়কৈ মানৱতাৰ উত্তৰণ ঘটিব৷ এই মন্তব্য আগবঢ়াই দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে৷
দেশৰ আইআইটি, আইআইএম, এনআইটি, মেডিকেল আদিত অধ্যয়ন কৰি উজ্বলি উঠা বহু লোকেই বৃহৎ কোম্পানী, উদ্যোগ-প্ৰতিষ্ঠান, কৰ্পোৰেট ক্ষেত্ৰত সংস্থাপিত হয়৷ এনে ক্ষেত্ৰত সংস্থাপন লাভ কৰি প্ৰতিভাধাৰী সকলে সন্তুষ্টি লভিব পাৰে কিন্তু এইটো কথাৰ প্ৰতি ধ্যান দিয়া উচিত যে, চি ভি ৰমণৰ পাছত কোনো এগৰাকী ভাৰতীয়েই দেশৰ উদ্যোগ প্ৰতিষ্ঠানত কৰ্ম সেৱা আগবঢ়াই নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷