গুৱাহাটীঃ সভ্য সমাজ আজি কোন দিশে ধাৱমান৷ সাহিত্য, সংস্কৃতি, পৰম্পৰা, গীত-মাত, নৃত্যৰে চহকী অসমীয়া সমাজ খনক বিশ্বৰ মানুহে জানে৷ কিন্তু জীৱ শ্ৰেষ্ঠ একাংশ মানুহৰ কৰ্মকাণ্ডই সকলো যেন ধ্বংস কৰিব ধৰিছে৷ নিতৌ নাৰী নিৰ্যাতন, যৌতুকজনিত ঘটনা, হত্যা, ধৰ্ষণৰ ঘটনাই কলংকিত কৰিছে সমাজ খনক৷
এতিয়া সমাজখনত আমাৰ মাতৃ, ভগ্নী সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন হ’ব ধৰিছে৷ মুঠৰ ওপৰত এতিয়া নাৰী এতিয়া ক’তো সুৰক্ষিত নহয়৷ ঘৰৰ পৰা ওলালেই নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত সময় পাৰ কৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক কিয়৷ নাৰী এতিয়া পদে পদে লাঞ্চিত হ’ব লগা হৈছে৷