নতুন দিল্লীঃ ”দেশ মেৰা ৰংগৰেজ য়ে বাবু, ঘাট ঘাট মে ঘটতা যাদু’’। হয়, ভাৰতত সঁচায়েই ঘাটে ঘাটে ৰং সলনি হয়। বহুমাত্ৰীক দৰিদ্ৰতা সূচাংকৰ শেহতীয় তথ্য অনুযায়ী দেশৰ ৫৫ শতাংশ লোকেই দৰিদ্ৰতাত থাকিলেও এইখন দেশেই বিশ্বৰ ধনী ব্যক্তি থকা দেশৰ তালিকাত স্থান লাভ কৰিছে।
ফ’ৰ্বছে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্যমতে বিশ্বৰ প্ৰথম ৫ খন বিলিয়নাৰ থকা দেশৰ তালিকাত ভাৰত চতুৰ্থ স্থানত৷ ভাৰতত ১০১ জন বিলয়নাৰৰ গৃহভুমি৷ বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তিৰ তালিকাত প্ৰকাশ নাম আহিছে ৰিলায়েন্স জিঅৰ মুৰব্বী আম্বানীৰ৷ এই তালিকাত দেশৰ জনপ্ৰিয় অনলাইন এপ্লিকেশ্যন পেটিএমৰ প্ৰতিষ্ঠাপক শেখৰ শৰ্মাও আছে৷ শেখৰ শৰ্মাৰ মুঠ সম্পত্তিৰ পৰিমান ১.৩ বিলিয়ন৷