শিলচৰঃ মহিলাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে শিলচৰৰ এগৰাকী সাংসদে। পুৰুষৰ বাবে যদি চৰকাৰে কণ্ডম বিনামূলীয়া কৰিব পাৰে, তেন্তে মহিলাৰ স্বাস্থ্যৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত চেনিটাৰী নেপকিন যোগান ধৰাৰ কথা কিয় চিন্তা কৰিব নোৱাৰে চৰকাৰে- এই প্ৰশ্ন শিলচৰৰ সাংসদ সুস্মিতা দেৱৰ।
কেৱল প্ৰশ্ন কৰাই নহয়, ইয়াৰ বাবে ‘টেক্স ফ্ৰী উইংগচ’ শীৰ্ষক এক বিশেষ স্বাক্ষৰ অভিযানো আৰম্ভ কৰিছে সাংসদগৰাকীয়ে। চেনিটেৰী নেপকিনৰ ওপৰত চৰকাৰৰ কৰ আঁতৰোৱাৰ বাবে চেঞ্জ ডট অৰ্গ (Change.org) যোগে আৰম্ভ কৰা সুস্মিতাৰ এই পিটিশ্যন অভিযানে লাভ কৰিছে বিশেষ সঁহাৰি। ইতিমধ্যে স্বাক্ষৰ প্ৰদান কৰিছে ৭ হাজাৰৰো অধিক লোকে।