গুৱাহাটীঃ ষ্টেট বেংক অব ইণ্ডিয়াৰ সহযোগত অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীক উদ্দেশ্যি আৰম্ভ কৰিছে ‘বিদ্যালক্ষ্মী’ আৰু ‘আপোন ঘৰ’ নামৰ দুখন আঁচনি৷ আজি বিত্ত বিভাগ আৰু ষ্টেট বেংক অব ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ মাজত নেডফি হাটত অনুষ্ঠিত অনুষ্ঠানত বিত্তমন্ত্ৰীৰ উপস্থিতিত এক বিশেষ চুক্তি স্বাক্ষৰিত হয়৷
অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব ভি কে পিপাৰচেনিয়া, এছ বি আইৰ স্থানীয় মুখ্য কাৰ্যালয়ৰ প্ৰবন্ধক পি ভি এছ এল এন মূৰ্তি, বিত্ত সচিব ভি কে প্যাৰেলাল, বিত্ত বিভাগৰ আয়ুক্ত ড০ ৰবি কোটা, আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সাহাই৷