ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ বিএইচ লয়াৰ মৃত্যুৰ ঘটনাক লৈ কৰা তদন্তৰ আবেদন বৃহস্পতিবাৰে খাৰিজ কৰে৷ এই ঘটনাৰ তদন্তৰ বাবে বিশেষ সমিতি গঠনৰ পোষকতাকো খাৰিজ কৰে৷ আদালতে আবেদনকাৰীৰ ইচ্ছাক লৈ প্ৰশ্ন উত্থাপন কৰে৷ শুনানিৰ কালত আদালতে ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন অৰ্থাৎ পিআইএল ভুলকৈ ব্যৱহাৰ কৰা বুলিও কয়৷
আদালতে ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন অৰ্থাৎ পিআইএল ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ন্যায়পালিকক বদনাম কৰাৰ চেষ্টা কৰিছে বুলিও কয়৷ চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ বিএইচ লোয়াৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ তদন্ত কৰাৰ আবেদন গ্ৰহণ সন্দৰ্ভত বৃহস্পতিবাৰে ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে৷ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এম এম খানবিলকৰ আৰু ডী ৱাই চন্দ্ৰচূড়ৰ আদালতে ১৬ মাৰ্চত প্ৰদান কৰা ৰায় সুৰক্ষিত ৰাখে৷