97
ডিজিটেল ডেস্কঃ কাঠুৱা, উন্নাও কাণ্ডকে ধৰি কেইবাটাও ধৰ্ষণ কাণ্ডই দেশ কঁপাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আইন সংশোধন আৰু নতুন আইন ৰূপায়ন কৰিব বুলি শুকুৰবাৰে স্পষ্ট কৰিব।
কেন্দ্ৰীয় চৰকাৰে শিশু ধৰ্ষণকাৰীক শাস্তি দিয়াৰ বাবে আইন ৰূপায়ন কৰাৰ বাবে প্ৰস্তুতি চলাই আহিছে। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ত এখন পত্ৰ প্ৰেৰণ কৰি এই কথা অৱগত কৰে। পক্সো আইন সংশোধন কৰাৰো প্ৰস্তুতি চলাব বুলি আদালতক অৱগত কৰে।