ডিজিটেল ডেস্কঃ বয়সৰ বাধা নেওচি সুঠাম শৰীৰ আৰু ব্যক্তিত্বৰ অধিকাৰী মডেলিং আৰু অভিনয় জগতৰ তাৰকা মিলিন সুমনৰ দেহত শনিবাৰে মাহ-হালধিৰ গোন্ধ। স্বাস্থ্য আৰু সৌন্দৰ্য সচেতন সুমনে শনিবাৰে পিন্ধিব দৰাৰ সাঁজ। কইনা অসমৰ। গুৱাহাটীৰ অংকিতা কোঁৱৰে শনিবাৰে বিবাহ পাশত আৱদ্ধ হ’ব মিলিন্দৰ সৈতে।
শুকুৰবাৰৰ পৰা মিলিন্দৰ মাহ-হালধী সনা ফটো ফেচবুকত বিয়পি পৰিছে। হালধীয়া সাজত অংকিতা আৰু বগা সাজত মিলিন্দৰ মুখত বিৰিঙিছে আনন্দৰ হাঁহি৷ কেইবাদিন পূৰ্বে মিলিন্দ সুমন আৰু তেওঁৰ প্ৰেয়সী অংকিতা কোঁৱৰৰ বিচ্ছেদ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল৷ কিন্তু দুয়োয়েই সংবাদ মাধ্যমত ৰোমাঞ্চকৰ ছবি প্ৰকাশ কৰি সকলো খবৰ নস্যাৎ কৰিছিল।