ডিজিটেল ডেস্কঃ বৈদেশিক সুসম্পৰ্ক গঢ়াৰ বাবে সম্প্ৰতি দেশৰ বাহিৰত থকা প্ৰধানমন্ত্ৰীগৰাকীলৈ মুকলি পত্ৰ লিখি ক্ষোভ উজাৰিছে ৬০০ শিক্ষাবিদ, ছাত্ৰ, বুদ্ধিজীৱিয়ে। ছশৰো অধিক স্বাক্ষৰ সম্বলিত এই পত্ৰখনত ভাৰতত সম্প্ৰতি সংঘটিত ধৰ্ষণ কাণ্ডবোৰৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে দেশৰ নাৰীসমাজক সুৰক্ষিত কৰাত মোডী চৰকাৰৰ অপাৰগতাৰ কথাও স্পষ্টকৈ উল্লেখ কৰা হয়।
‘দেশৰ অৱস্থা তেনেই তথৈবচ, দেশত হিংসা-হত্যা-ধৰ্ষণৰ কাণ্ডত শাসকীয় ক্ষমতাসীন লোকৰ যোগসূত্ৰ থকাৰ ক্ষেত্ৰত আপুনি মৌনতা অৱলম্বন কৰিছে’- বেছিভাগ ভাৰতীয় মুলৰ লোকৰ স্বাক্ষৰ থকা পত্ৰখনত এনেদৰে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কোৱা হয়।