ডিজিটেল ডেস্কঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত নতুন ৰেকৰ্ড গঢ়িলে৷ ইয়াৰ পূৰ্বে পেট্ৰল আৰু ডিজেল ইমান মূল্যত বিত্ৰী হোৱা নাছিল দেশত৷ বিগত সময়ৰ ভিতৰত পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সকলো সীমা অতিক্ৰম কৰে৷
দেওবাৰে পুৱাৰে পৰা প্ৰতি লিটাৰ ৭৪ টকা ৪০ পইচাকৈ বিক্ৰী হৈ আছে৷ আনহাতে পেট্ৰলৰ মূল্যতকৈ অলপ তলতে ডিজেল প্ৰতি লিটাৰত ৬৫ টকা ৬৫ পইচাকৈ বিক্ৰী হৈ আছে৷ শনিবাৰে প্ৰতি লিটাৰ পেট্ৰল-ডিজেলত ১৫ পইচাকৈ আৰু দেওবাৰ পুৱাৰে পৰা প্ৰতি লিটাৰ পেট্ৰল-ডিজেলত ১৯ পইচাকৈ বৃদ্ধি হয়৷