নতুন দিল্লীঃ ভাৰতৰ বিমান জগতত এয়া নজীৰবিহীন ঘটনা। বিমান বন্দৰত অমানুষিক কাণ্ড আৰু তাৰ পিছত দেখুওৱা দম্ভালিৰ বাবেই এজন সাংসদক যৌথভাৱে নিষিদ্ধ ঘোষণা কৰিছে বিভিন্ন বিমান সেৱা প্ৰতিষ্ঠানে।
এতিয়া আৰু ইণ্ডিগ’, স্পাইচজেট, জেট, গ’ এয়াৰৰ বিমানত দুনাই উঠিবলৈ নাপাব সাংসদ ৰবিন্দ্ৰ গাইকোৱাডে। বৃহস্পতিবাৰে শিৱসেনাৰ সাংসদগৰাকীয়ে এয়াৰ ইণ্ডিয়াৰ প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীক চেণ্ডেলেৰে প্ৰহাৰ কৰাৰ পিছতেই আজি ইণ্ডিগো, জেট, স্পাইচ জেট আৰু গ’ এয়াৰ, এয়াৰ এছিয়া, বিস্তাৰা, টাটা গ্ৰুপ এয়াৰলাইনৰ যৌথ সংগঠনে নিষিদ্ধ কৰে সাংসদজনক৷