ডিজিটেল ডেস্কঃ ভাৰতত সংবাদিক নিগ্ৰহৰ ঘটনা দিনক দিনে বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিততে সংবাদমাধ্যমৰ স্বাধীনতা সূচাংকত দেশখনৰ স্থান ১৩৮ লৈ অৱনমিত হৈছে। সাংবাদিকৰ আন্তৰ্জাতিক সংগঠন ৰিপ’টাৰ্ছ উইডাউট ব’ৰ্ডাৰ্ছৰ ২০১৮ বৰ্ষৰ সংবাদমাধ্যমৰ স্বাধীনতা সূচাংকৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। দুটা স্থানৰ অৱনমন ঘটিছে ভাৰতৰ। এই পশ্চাদগমনৰ সূত্ৰপাত ঘটাইছে সাংবাদিক গৌৰী লংকেশৰ হত্যা।
ভাৰতক কোঙা কৰি পেলোৱা অন্যতম কাৰক হিচাপে প্ৰতিবেদনখনত চিহ্নিত কৰা হৈছে বিদ্বেষমূলক হিংসা। ‘দেশখনত বিয়পি পৰা বিদ্বেষমূলক হিংসাও সাংবাদিকতাৰ স্বাধীনতাৰ ক্ষেত্ৰত নিম্নগামী ফলাফলৰ কাৰণ। ২০১৪ বৰ্ষত নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা হিন্দু কট্টৰপন্থীয়ে সাংবাদিকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে’- এনেদৰে প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।