ডিজিটেল ডেস্কঃ পৃথিৱীৰ আটাইতকৈ জ্যেষ্ঠ মকৰাটোৰ মৃত্যু ঘটিছে৷ পশ্চিম অষ্ট্ৰেলিয়াত ৪৩ বছৰ বয়সত এই বৃদ্ধ মকৰাটোক অন্য কীটে কামোৰাৰ ফলত মৃত্যু হোৱা বুলি অষ্ট্ৰলিয়াৰ গৱেষক দল এটাই জানিবলৈ দিছে৷ ১৬ নম্বৰ নামেৰে নামাকৰণ কৰা মকৰাটো ১৯৭৪ চনৰ পৰাই বিজ্ঞানী দল এটাই পৰ্যবেক্ষণত ৰাখিছিল৷
ইয়াৰ পূৰ্বে দীৰ্ঘতম জীৱন অতিবাহিত কৰাৰ অভিলেখ গঢ়িছিল মেক্সিকোৰ এটা পেহনীয়া মকৰাই। কিন্তু ১৬ নম্বৰ নামৰ মকৰাটোৱে পূৰ্বৰ অভিলেখ ভংগ কৰি পৃথিৱীৰ দীৰ্ঘতম সময়ৰ বাবে জীয়াই থকা মকৰা হিচাপে পৰিগণিত হয়৷