ডিজিটেল ডেস্কঃ সময়ে সময়ে গো হত্যাৰ অপৰাধত দলিতৰ ওপৰত আক্ৰমণ সংঘটিত হয়৷ দেশৰ দলিতক ঘোৰা কিনিলেও আক্ৰমণ কৰি হত্যা কৰা হয়৷ দেশত যেন এতিয়া নিতৌ সংঘটিত হ’ব ধৰিছে সংখ্যালঘু দলিত তথা পিছপৰা শ্ৰেণীৰ লোকৰ ওপৰত আক্ৰমণ৷
গুজৰাটৰ ভাবনগৰ জিলাৰ টিম্বি গাঁৱত ঘোৰা কিনাৰ অপৰাধত দলিত যুৱকক আক্ৰমণ কৰি হত্যা কৰিছিল যোৱা ৩০ মাৰ্চত৷ এইবাৰ বিজেপি শাসিত ৰাজস্থানত দলিত দৰাই ঘোৰাৰ পিঠিত উঠি কইনা আনিবলৈ যোৱাৰ বাবেই মাৰধৰ কৰাৰ খবৰ আহিছে৷ দেওবাৰে ৰাজস্থানৰ ভিলৱাৰাৰ গোৱাৰ্ধনপুৰাৰ দলিত দৰাক ঘোৰাৰ পিঠিত উঠি কইনা আনিবলৈ যোৱাৰ সময়তে একাংশ উচ্চ বৰ্ণৰ লোকে দৰাক জোৰ জুলুম কৰি ঘোৰাৰ পৰা নমাই মাৰধৰ কৰে৷