ডিজিটেল ডেস্কঃ সংযুক্ত হিন্দু সংঘৰ্ষ সমিতিৰ নেতৃত্বত কেইবাটাও হিন্দু সংগঠনে সোমবাৰে হাৰিয়ানাৰ গুৰুগ্ৰাম পৰিদৰ্শন কৰে৷ গুৰুগ্ৰাম পৰিদৰ্শন কৰি হিন্দু সংগঠন কেইটাই মুছলমান সম্প্ৰদায়ে মুক্তভাৱে নামাজ পঢ়া কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে হাৰিয়ানাত মুছলমান সম্প্ৰদায়ৰ কেইজনমান লোকে মুক্তভাৱে নামাজ পঢ়া কাৰ্যত বিৰোধিতা কৰিছিল কেইজনমান হিন্দু সম্প্ৰদায়ৰ লোকে৷ ইয়াৰ পাছতেই মুছলমান সম্প্ৰদায়ে লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ সোমবৰে হিন্দু সংগঠন কেইটাই গুৰুগ্ৰাম পৰিদৰ্শন কৰি হিন্দু লোককেইজনৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উভটাই ল’বলৈও দাবী জনায়৷