দুলীয়াজানঃ উজনিৰ ডিব্ৰুগড় জিলাৰ তৈল নগৰী দুলীয়াজানত এখন বিদ্যালয়ত বিয়াৰ পাৰ্টি অনুষ্ঠিত কৰাত একাংশ লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ জানিব পাৰ মতে, পুৱাৰে পৰা নিশালৈ বিদ্যায়ৰ শ্ৰেণীকোঠাত মাছ-মাংসৰ পাৰ্টি অনুষ্ঠিত কৰি কদৰ্য পৰিৱেশৰ সৃষ্টি কৰে বিদ্যালয়খনত৷ ভাত খোৱা কাঁহী, বাটি আদি চোদিশে সিঁচৰিত হৈ থকাৰ দৃশ্যই ৰাইজৰ চকু কপালত তোলে৷
৩০ এপ্ৰিল সোমবাৰে দুলীয়াজানৰ বামুনগাঁও প্ৰাথমিক বিদ্যালয়ত বিয়াৰ পাৰ্টি অনুষ্ঠিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে৷ জানিব পৰা মতে, বামুনগাঁৱৰে জ্যোৰ্তিময় ৰায়ৰ কনিষ্ঠ পুত্ৰ প্ৰানেশ ৰায়ৰ বিয়াৰ পাৰ্টি বামুনগাঁও প্ৰাথমিক বিদ্যালয়ত স্কুলত অনুষ্ঠিত হয়। ফলত বিয়াৰ পাৰ্টিলৈ সোমবাৰে পুৱাৰে পৰা বহু লোকৰ আগমন ঘটে বিদ্যালয় খনলৈ৷ নিশাও পাৰ্টি চলে বিদ্যালয় খনত৷ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত বিদ্যালয় খন পৰিস্কাৰ কৰি দিয়া বুলিও জানিব পৰা গৈছে৷