ওদালগুৰিঃ শ্ৰমিকসকলে বিভিন্ন সময়ত নিজ অধিকাৰৰ বাবে যুঁজ দিব লগা হৈছে৷ শ্ৰমিকৰ যুঁজ খনৰ ইতিহাস আৰম্ভ হৈছিল ১৮৮৬ চনত৷ যেতিয়া যুক্তৰাষ্টৰ শ্ৰমিকক অন্যায়-অবিচাৰ কৰা হৈছিল তেতিয়াই শ্ৰমিকৰ ক্ষোভৰ উকমুকণি আৰম্ভ হৈছিল৷
শ্ৰম কৰাৰ সময় চমু কৰাৰ দাবীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰ ৰাজ পথলৈ ওলাই আহিছিল শ্ৰমিকসকল৷ সিদিনা আছিল ১৮৮৬ চনৰ ১ মে’৷ যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক শ্বহীদ হয়৷ তেতিয়াৰ পৰাই ০১ মে’ৰ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ বিশ্বই৷ আমাৰ অসমতো বিভিন্ন প্ৰান্তত শ্ৰমিক দিৱস পালন কৰা হৈছে৷