ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ নকাৰী আঞ্চলিক ৰঙালী বিহুৱে এইবেলি ২৫ বৰ্ষত ভৰি দিলে৷ ৰূপালী জয়ন্তী বৰ্ষ অহা ২-৫ মে’ লৈ চাৰিদিনীয়া কাৰ্যসূচীৰে নকাৰী শেনচোৱা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব৷ বিহু সন্মিলনৰ সৈতে সংগতি ৰাখি থলুৱা সাজপাৰ, থলুৱা খাদ্য সামগ্ৰী, থলুৱা আ-অলংকাৰ আদিৰ ৫০ খন বিপনীৰ ব্যৱস্থা কৰিছে৷
কাৰ্যসূচী অনুসৰি প্ৰথম দিনটোত পৰিৱেশ নিকাকৰণ, বৃক্ষৰোপণ, বন্তি প্ৰজ্বলন আৰু মঞ্চ মুকলি, ১০০১ নকাৰী নাচনি নাচ প্ৰদৰ্শন, ঢোল, পেপা, গগনা, হুতুলী, বাঁহী, বিহুগীত প্ৰতিযোগিতা, মইনাদলৰ হুঁচৰি আৰু যুৱতী দলৰ গছৰ তলৰ বিহু প্ৰতিযোগিতা, বিহুৱতী আৰু বিহুৱা প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় লোকৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷