ডিজিটেল ডেস্কঃ মোবাইল চিমৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ সন্দৰ্ভত থকা গ্ৰাহকৰ মনৰ শংকা দূৰ কৰিলে ভাৰত চৰকাৰে৷ মঙলবাৰে ভাৰত চৰকাৰে লোৱা এক সিদ্ধান্ত মৰ্মে গ্ৰাহক সকলেআদাৰ কাৰ্ড অবিহনেই চিম কাৰ্ড লাভ কৰিব পাৰিব৷ মঙলবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে চিম কাৰ্ডৰ বাবে আধাৰ কাৰ্ড অত্যাৱশ্যকীয় নহয় বুলি নিৰ্দেশ জাৰি কৰে৷
ভাৰতৰ টেলিকম সচিব অৰুণা সুন্দৰৰাজনে এক বিবৃতিযোগে টেলিকম সংস্থাসমূহক চালকৰ অনুজ্ঞা পত্ৰ, পাছপৰ্ট, ভোটাৰ পৰিচয় পত্ৰ আদি যি কোনো পৰিচয় পত্ৰ গ্ৰহণ কৰি চিমৰ নতুন সংযোগ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ গ্ৰাহকসকল যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি গুৰুত্ব ৰাখি অতি সোনকালে এই নিৰ্দেশ কাৰ্যকৰী কৰা হ’ব বুলিও টেলিকম সচিব অৰুণা সুন্দৰৰাজনে জানিবলৈ দিয়ে৷