ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ৰাজ্যৰ যুৱক সকলক চাকৰিৰ পিছত নালাগি গাই গৰু পালন কৰিবলৈ দিয়া পৰামৰ্শত সমৰ্থন জনাইছে কেইবাগৰাকীও লোকে৷ বিভিন্ন বিতৰ্কজনক মন্তব্য প্ৰদান কৰি হাঁহিয়াতৰ পাত্ৰ হোৱা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে যুৱকসকলক উদ্দেশ্যি প্ৰদান কৰা এই পৰামৰ্শ কিন্তু অধিক ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে কেইবাগৰাকীও প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে৷
গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেচন (জিচিএমএমএফ)ৰ প্ৰধান আৰ এছ সুধীয়ে মঙলবাৰে বিপ্লৱ দেৱৰ সমৰ্থনত মন্তব্য কৰি কয় যে যুৱকসকলে চৰকাৰী চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰাতকৈ দুগ্ধ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰে৷